মছ্ মছ্ জাতীয় উদ্ভিদ বা ব্রায় 'ফাইটা (Bryophyta) উদ্ভিদ বা ব্রায় 'ফাইটা (Bryophyta)

 মছ্ জাতীয় উদ্ভিদ বা ব্রায় 'ফাইটা (Bryophyta):

মছ জাতীয় উদ্ভিদ বা ব্ৰায় 'ফাইটাৰ পৰিচয় :এই উদ্ভিদ বিলাক অপুষ্পক উদ্ভিদৰ ভিতৰত পৰে।সমাঙ্গদেহী (thallophyta) উদ্ভিদতকৈ এই বিলাক কিছু উন্নত স্তৰৰ। প্রধানতঃ স্থলবাসী এই উদ্ভিদসমূহ পৃথিৱীৰ সকলো অঞ্চলত বিশেষকৈ জেকা মাটি, শিল, পকী বেৰ,গছৰ কাণ্ড আদিত হোৱা দেখা যায়। আমাৰ ঘৰুৱা কথাত এই জাতীয় উদ্ভিদক ‘মাটি-শেলাই’ বোলা হয়। ইহঁতৰ বিশেষ কেইটামান চৰিত্ৰ তলত উল্লেখ কৰা হ'ল।

চাৰিত্রিক বৈশিষ্ট্য (Characteristic features) :

1. শেলাই, ভেঁকুৰ আদিতকৈ কিছু উন্নত শ্ৰেণীৰ উদ্ভিদ যদিও ইহঁতৰ দেহত সংবহন কলা(vascular tissue) নাই।

2. স্থল আৰু জল উভয়তে বাস কৰিব পাৰে।

3. হৰিকণা থকা বাবে স্বভোজী।

4. নিম্ন শ্রেণীৰ এনে উদ্ভিদৰ দেহ চেপেটা, মূল, কাণ্ড, পাত আদি নাই। কিছু উন্নত শ্ৰেণীৰ দেহত পাতৰ সমপৰ্য্যায়ৰ অংগ আৰু কাণ্ড সদৃশ অংগ আছে।

5. ইহঁতৰ প্ৰকৃত মূল নাই। মূলৰ দৰে দেখা অংগক ৰাইজয়ড বোলা হয়।

6. যৌন প্রজননৰ বাবে পুংধানী আৰু স্ত্ৰীধানী সৃষ্টি হয়।

7. লিঙ্গধৰ উদ্ভিদে পুংধানী আৰু স্ত্ৰীধানী উৎপন্ন কৰে। ৰেণুধৰ উদ্ভিদে ৰেণুৰ সৃষ্টি কৰে।

৪. লিংগধৰ উদ্ভিদৰ পৰা ৰেণুধৰ উদ্ভিদৰ আৰু ৰেণুধৰ উদ্ভিদৰ পৰা লিঙ্গধৰ উদ্ভিদৰ সৃষ্টি হয়। দুই জনুৰ(generation) মাজত চক্রাকাৰ পৰিবৰ্তন (জনু একান্তৰকৰণ) হয়।

9. লিংগধৰ উদ্ভিদ স্বাৱলম্বী, ৰেণুধৰ উদ্ভিদ খাদ্য আৰু বসতিৰ বাবে লিংগধৰ উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল।মছ জাতীয় উদ্ভিদৰ কেইবাটাও গণ আছে। তাৰে—ৰিকছিয়া (Riccia), মাৰকেনছিয়া (Marchantia), এনথ'ছাৰছ(Anthoceros), স্ফেগনাম (Sphagnum), ফিউনেৰিয়া (Funaria), পলিট্রিকাম (Polytrichum) আদি উল্লেখযোগ্য। 

Previous Post Next Post

نموذج الاتصال